বিশেষ ভাৱে সক্ষম ব্যক্তিক বিহুৰ বিশেষ ওলগ

অসম জাতীয়তাবাদী যুৱ পৰিষদ দেৰগাঁও আঞ্চলিক সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ

সম জাতীয়তাবাদী যুৱ পৰিষদ দেৰগাঁও আঞ্চলিক সমিতিয়ে প্ৰতিবছৰে ৰঙালী বিহুৰ প্ৰাকক্ষনত ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত এই উপলক্ষে সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান।সংগঠনটোৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি অনুপজ্যোতি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত দেৰগাঁও পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলী ফুকন বৰা , উপ পৌৰপতি শুভাংকৰ ঘোষ প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সম্পাদক নয়নমনি বৈশ্যৰ ব্যৱস্থাপনাৰে ৰূপায়িত কৰা অনুষ্ঠানটিত দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ চাৰিগৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তিক অংগবস্ত্ৰ আৰু বিহুৰ জলপানৰ টোপোলাৰে ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে তিনি খন হুইলচেয়াৰ আৰু এখন ট্ৰাই চাইকেল প্ৰদান কৰে।

You might also like
Leave A Reply

Your email address will not be published.