আজি ১০ এপ্ৰিল

➡️১৭৫৫ চনত হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ জন্মদাতা জাৰ্মানীৰ ছেমিৱেল হেনিমেনৰ জন্ম হয়।
➡️১৯৯৫ চনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইৰ মৃত্যু হয়।
➡️২০০৩ চনত ফ্ৰান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্ৰীম উপগ্ৰহ ‘ইনটাছ- ৩ এ’ৰ সফল উৎক্ষেপণ।
➡️১৯৮২ চনত ভাৰতৰ বহুমুখী উপগ্ৰহ ‘ইনছাট-১এ’ক আমেৰিকা যুক্তৰাজ্যৰ কেপ কাৰ্নাভাৰেলৰ পৰা ভাৰতীয় সময়মতে দুপৰীয়া ১২.১৭ বজাত সফলতাৰে উৎক্ষেপণ। এইটো আছিল ভাৰতৰ জাতীয় উপগ্ৰহৰ প্ৰথম প্ৰজন্মৰ প্ৰথম উপগ্ৰহ। ইয়াৰ আয়ুসকাল ৭ বছৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও উৎক্ষেপণৰ মাত্ৰ ৫ মাহৰ ভিতৰতে ১৯৮২ চনৰ ৬ ছেপ্টেম্বৰত ইনটাছ-১এ বিকল হৈ পৰে।
➡️১৯৫৪ চনত বিশ্বত চলচ্চিত্ৰ শিল্পৰ অন্যতম প্ৰতিষ্ঠাতা ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ আগষ্ট লুমিয়েৰৰ মৃত্যু হয়।
➡️১৮৭৫ চনত হিন্দু ধৰ্মৰ অৰ্থে স্বামী দয়ানন্দ সৰস্বতীৰ বোম্বাইত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হয়।
➡️১৮৪৯ চনত মাৰ্কিন বিজ্ঞানী ৱাল্টাৰ হান্টৰ ছেফটী পিন আৱিষ্কাৰ।

You might also like
Leave A Reply

Your email address will not be published.