তামিলনাডুৰ বিৰুধুনগৰ জিলাত ভয়ংকৰ ঘটনা!

দুটা পৃথক আটচবাজী কাৰখানাত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ

নেচনেল ডেস্ক:

তামিলনাডুৰ বিৰুধুনগৰ জিলাত ভয়ংকৰ ঘটনা।মঙলবাৰে আবেলি একেখন জিলাৰ দুটা পৃথক আটচবাজী কাৰখানাত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। দুয়োটা বিস্ফোৰণত নিহত ১৩ জনকৈ লোক। প্ৰথমটো বিস্ফোৰণ বিৰুধনগৰৰ এম পুডুপট্টিস্থিত কনিস্কাৰ ফায়াৰৱৰ্কছ নামৰ এটা আটচবাজী কাৰখানাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণলৈ আনে। আনহাতে দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় একেখন জিলাৰে কাম্মাপট্টি গাঁৱৰ আৰ্য্য ফায়াৰৱৰ্কছ নামৰ আন এটা আটচবাজী কাৰখানাত। দুয়োটা ঘটনাত আহত হয় কেইবাজনো লোক। ঘটনাৰ ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

ইফালে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ তিনি লাখ টকা আৰু আহতসকললৈ এক লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.