দক্ষিণ দিল্লীৰ ডিফেন্স কলনীত চাঞ্চল্যকৰ ঘটনা!

বিহ পান কৰি আত্মহত্যা পতি-পত্নীৰ

নেচনেল ডেস্ক :

ক্ষিণ দিল্লীৰ ডিফেন্স কলনীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । বিহ পান কৰি আত্মহত্যা পতি-পত্নীৰ ।

ডিফেন্স কলনীৰ হুডকো পেলেচৰ ভাৰতীয় বায়ুসেনাৰ এজন প্ৰাক্তন বিষয়া অজয়পাল আৰু তেওঁৰ পত্নী মনিকাই বিহ সেৱন কৰি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি ,পত্নী মনিকাই স্বামীক কোঠাটোত অচেতন অৱস্থাত পৰি থকা আৰু মুখৰ পৰা ফেন ওলাই থকা দেখা পাই খৰখেদাকৈ অজয়পালক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়লৈ নিয়াৰ পাছতে তেওঁক মৃত বুলি বুলি ঘোষণা কৰে চিকিৎসকে। ইয়াৰ পিছতে পত্নী মনিকাও ঘৰলৈ আহি দুপৰীয়া সময়ত নিজেও বিহ পান কৰি আত্মহত্যা কৰে ।

দুয়ো পতি-পত্নীয়ে কিয় এনেদৰে আত্মহত্যাৰ পথ বাচি ললে তাৰ কোনো কাৰণ পোহৰলৈ অহা নাই। উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী বায়ুসেনাত আছিল আৰু অলপতে তেওঁ দায়িত্বৰ পৰা অব্যাহতি লৈছিল। দুয়োৰে বিয়া হৈছিল প্ৰায় ১ বছৰ আগতে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ।।

You might also like
Leave A Reply

Your email address will not be published.