দুগৰাকী ভাৰতীয়-আমেৰিকান বিজ্ঞানীলৈ আমেৰিকাৰ সৰ্বোচ্চ বৈজ্ঞানিক সন্মান

ভাৰতীয় আমেৰিকান বিজ্ঞানী অশোক গাডগিল আৰু সুব্ৰা সুৰেশক ৰাষ্ট্ৰীয় প্ৰযুক্তি আৰু উদ্ভাৱনৰ পদক প্ৰদান

নিউজ ডেস্ক:

দুগৰাকী ভাৰতীয়-আমেৰিকান বিজ্ঞানীলৈ আমেৰিকাৰ সৰ্বোচ্চ বৈজ্ঞানিক সন্মান। ভাৰতীয় আমেৰিকান দুগৰাকী বিজ্ঞানী অশোক গাডগিল আৰু সুব্ৰা সুৰেশক প্ৰদান কৰা হয় আমেৰিকাৰ প্ৰযুক্তিগত কৃতিত্বৰ সৰ্বোচ্চ সন্মান ৰাষ্ট্ৰীয় প্ৰযুক্তি আৰু উদ্ভাৱনৰ পদক । মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে মঙলবাৰে গাডগিল আৰু সুৰেশক প্ৰদান কৰে এই পদক।

বৰ্তমান বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ জ্যেষ্ঠ বিজ্ঞানী হিচাপে কাম কৰা গাডগিল বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত এজন প্ৰখ্যাত উদ্ভাৱক। তেওঁ উন্নয়নশীল দেশসমূহত বিশুদ্ধ পানীৰ সুবিধা, শক্তিৰ দক্ষতাৰ লগতে অনাময় ব্যৱস্থাৰ সুবিধা উন্নত কৰাৰ বাবে সুলভ আৰু ফলপ্ৰসূ প্ৰযুক্তি বিকাশৰ ওপৰত যথেষ্ঠ অৰিহনা আগবঢ়াইছে।
​মুম্বাইত জন্মগ্ৰহণ কৰা গাডগিলে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি,কানপুৰত স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰে। তদুপৰি বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত এম এছ চি আৰু পি এইচ ডি ডিগ্ৰীধাৰী।

আনহাতে ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান জৈৱ অভিযন্তা, সামগ্ৰী বিজ্ঞানী আৰু একাডেমিক সুব্ৰা সুৰেশ এগৰাকী এমেৰিটাছ অধ্যাপক আৰু মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ প্ৰাক্তন ডীন। তেওঁৰ গৱেষণা অভিযান্ত্ৰিক, ভৌতিক বিজ্ঞান, জীৱন বিজ্ঞান, চিকিৎসা বিজ্ঞানৰ সংযোগস্থলৰ ওপৰত কেন্দ্ৰিত। MITৰ পাঁচখনৰ যিকোনো এখন শিক্ষানুষ্ঠানৰ নেতৃত্ব দিয়া এছিয়াত জন্মগ্ৰহণ কৰা প্ৰথমজন অধ্যাপক আছিল সুৰেশ। মুম্বাইত জন্মগ্ৰহণ কৰা সুৰেশে মাদ্ৰাজৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা সম্পূৰ্ণ কৰে বি টেক ডিগ্ৰী । পিছলৈ তেওঁ আইঅ’ৱা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী আৰু কেম্ব্ৰিজৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত পি এইচ ডি ডিগ্ৰী লাভ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.