পঞ্জাৱত ২৫ কেজি হেৰ’ইনসহ আটক সৰবৰাহকাৰী!

নেচনেল ডেস্ক:

পঞ্জাৱত বি এছ এফৰ বৃহৎ সফলতা। বুধবাৰে পঞ্জাৱৰ ফাজিলকা জিলাৰ সীমান্তত ২৫ কেজি হেৰ’ইনসহ আটক এটা পাকিস্তানী সৰবৰাহকাৰী। নিশা ১.৫০ বজাত ফাজিলকা জিলাৰ গট্টী অজয়ব সিং গাঁৱৰ সমীপত সীমান্তৰ বেৰৰ দুয়োপাৰে সন্দেহজনক গতিবিধি পৰ্যবেক্ষণ কৰে বি এছ এফৰ জোৱানসকলে।
লগে লগে পাকিস্তানী সৰবৰাহকাৰীলৈ বি এছ এফৰ জোৱানসকলে গুলীচালনা কৰে যদিও ঘন কুঁৱলীৰ সুযোগ লৈ পলায়ন কৰে সৰবৰাহকাৰী। পিছত উক্ত অঞ্চলটোত অভিযান চলায় উদ্ধাৰ কৰে পিভিচি পাইপত মেৰিয়াই থোৱা মুঠ ২৫ কেজি ওজনৰ ২৫ টা হেৰ’ইনৰ পেকেট ।।

You might also like
Leave A Reply

Your email address will not be published.