নিউজ ডেস্ক:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত থকা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে অপৰাধ তদন্ত বিভাগে (চি আই ডি)। জ্যোতিৰেখা বৰগোহাঁই, হেৰাম্ব কুমাৰ দাস আৰু চালক বিন্দেশ্বৰ টুমুঙক গ্ৰেপ্তাৰ চিআইডিৰ। বৰ্তমান পানবজাৰ থানাত ৰখা হৈছে জ্যোতিৰেখা বৰগোহাঁইক । আন দুজন অভিযুক্ত বৰ্তমান চি আই ডি থানাত আছে।
সোমবাৰে চি আই ডিৰ এটা দলে আৰম্ভ কৰে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিতং তদন্ত। তথ্যৰ ওপৰত ভিত্তি কৰি দলটোৱে তিনিজন ব্যক্তিক জেৰাৰ বাবে নিজৰ জিম্মাত লৈ যায়। ধৃত তিনিওজনেই ভৌৰী দেৱী সৰৱগী হাইস্কুলৰ কৰ্মচাৰী। আনহাতে, চিত্ৰ ৰায় নামৰ আন এজন অভিযুক্তকো এই গোচৰৰ সন্দৰ্ভত চি আই ডিৰ জেৰা অব্যাহত ৰাখিছে। অৱশ্যে এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আনহাতে, ঘটনা সন্দৰ্ভত চি আই ডিয়ে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মা আৰু মুখ্য নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়াকো চমন জাৰি কৰে।
উল্লেখ্য যে, দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে অন্তিম মুহূৰ্তত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সাধাৰণ বিজ্ঞান বিষয়ৰ বাতিল কৰা পৰীক্ষা এতিয়া ৩০ মাৰ্চত পুৱা ৯ বজাৰ পৰা ৰাজ্যৰ সকলো কেন্দ্ৰতে অনুষ্ঠিত হ’ব বুৰি ছেবাই জনায়।।