তিনি বছৰীয়া শিশুৰ গুলীত প্ৰাণ গ’ল চাৰি বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ হেৰিছ কাউণ্টিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা

ইন্টাৰনেচনেল ডেস্ক:

তিনি বছৰীয়া শিশুৰ গুলীত প্ৰাণ গ’ল চাৰি বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ হেৰিছ কাউণ্টিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা । তিনি বছৰীয়া শিশুৰ গুলীত প্ৰাণ গ’ল চাৰি বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ । আৰক্ষীৰ মতে শিশুটোৱে গুলী ভৰ্তি বন্দুকটো একো বুজি নোপোৱাকৈ চলাই দিছিল । যাৰ বাবে ঘটনাস্থলীতে মৃত্যু হয় কণমানিজনিৰ। শিশু দুটিৰ পিতৃ-মাতৃয়ে গুলীবৰ্ষণৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ হাতৰ পৰা বন্দুকটো কাঢ়ি লয় যদিও তাৰ আগতে মৃত্যু ঘটে কণমানি শিশুটিৰ । এটা সন্তানৰ হাতত আন এটা সন্তানৰ মৃত্যুত বিধ্বস্ত হৈ পৰিছে পৰিয়ালটো । এই দুৰ্ঘটনাত কোনো লোকক অভিযুক্ত কৰা হ’ব নে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.