প্ৰাতঃভ্ৰমণতে প্ৰাণ গ’ল এজনৰ

নিউজ ডেস্কঃ-

 

বিলাসীপাৰাৰ চিৰাকুটাত শোকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰাণ গ’ল এজন প্ৰাতঃভ্ৰমণকাৰীৰ। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণ কৰি থকাৰ সময়তে দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰাণ গ’ল আব্দুল হামিদ নামৰ লোকজনৰ। নিহত লোকজনৰ ঘৰ চিৰাকুটা প্ৰথম খণ্ড গাঁৱত। এখন দ্ৰুতবেগী বলেন’ বাহনে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS-19R-9403। জানিব পৰা মতে ধুবুৰীৰ পৰা চাপৰ অভিমুখী আছিল বাহনখন৷ দুৰ্ঘটনা সংঘটিত কৰি বাহন এৰি পলায়ন চালকজনৰ।।

You might also like
Leave A Reply

Your email address will not be published.