আজি ২৮ জুন

▶️১৭১২ চনৰ আজিৰ দিনটোতেই ৰাজনীতিজ্ঞ, দাৰ্শনিক, শিক্ষাবিদ, সাহিত্যিক ৰুছোৰ (সম্পূৰ্ণ নাম জীন জেকুইছ ৰুছো) ছুইজাৰলেণ্ডত জন্ম হৈছিল।
▶️১৮৩৮ চনৰ এই দিনটোতেই ‘বন্দে মাতৰম’ৰ ৰচয়িতা তথা প্ৰসিদ্ধ বাংলা লেখক বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই ইটালীৰ সাহিত্যিক লুই পিৰানডেলোৰ জন্ম হৈছিল। ১৯৩৪ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯১৪ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্ৰান্সিছ ফাৰ্ডিনাণ্ড আৰু তেওঁৰ পত্নী তেতিয়াৰ বছনিয়াৰ বলকান প্ৰদেশৰ ৰাজধানী ছাৰছেভো চহৰত আততায়ীৰ হাতত নিহত হৈছিল। এই ঘটনাৰ পৰাই সূত্ৰপাত হৈছিল প্ৰথম মহাসমৰৰ।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই মিত্ৰপক্ষ আৰু জাৰ্মানীৰ মাজত ‘ভাৰ্ছাই চুক্তি’ স্বাক্ষৰিত। প্ৰথম মহাসমৰৰ আনুষ্ঠানিক সামৰণি।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ ভাংগাৰা গাঁৱত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ জন্ম হৈছিল।
▶️১৯২৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ জন্ম হৈছিল।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সহাৱস্থানক ভিত্তি হিচাপে লৈ ভাৰতৰ পঞ্চশীল নীতি ঘোষণা।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই বিশিষ্ট পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহলানবীশৰ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই জম্মুত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৪ জনৰ প্ৰাণহানি।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ষ্টাম্প পেপাৰ কেলেংকাৰীৰ মূল অভিযুক্ত আব্দুল কৰিম টেলগীক ১৩ বছৰৰ কাৰাদণ্ড আৰু ১০২ কোটি টকাৰ জৰিমনা।।

You might also like
Leave A Reply

Your email address will not be published.