মেঘালয়ৰ পশ্চিম খাছি পাহাৰত উৎখাত এটা অবৈধ ক’ক অভেন প্লাণ্ট!

মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইয়াৰ সৈতে জড়িত চাৰিজন লোকক

নৰ্থ-ইষ্ট ডেস্ক:

মেঘালয় আৰক্ষীয়ে পশ্চিম খাছি পাহাৰ জিলাত উৎখাত কৰে এটা অবৈধ ক’ক অভেন প্লাণ্ট। লগতে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইয়াৰ সৈতে জড়িত চাৰিজন লোকক। ধৃত চাৰি অভিযুক্ত আশীষ আৰ্য্য, খ্ৰাৱবক ৰংৰিণ, হোপফুল নংটডু, আৰু যমন বংছাল বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, অভিযুক্ত আশীষ আৰু যমনৰ ঘৰ গুৱাহাটীৰ বশিষ্ঠপুৰত। আনহাতে খ্ৰাৱবক আৰু হোপফুল দুয়োজনেই মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ।

উল্লেখ্য যে, মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ অবৈধ ক’ক উদ্যোগৰ সকলো মালিক আৰু পৰিচালকক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছিল । ধৃত চাৰিও অভিযুক্তকে আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.