আজি ২৯ জুন

▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট ক্লাইভৰ মুৰ্ছিদাবাদত প্ৰৱেশ। মীৰজাফৰৰ বংগ,বিহাৰ আৰু উৰিষ্যাৰ নবাব ৰূপে সিংহাসনত আৰোহণ।
▶️১৮৬৪ চনৰ আজিৰ দিনটোতেই বংগৰ প্ৰসিদ্ধ শিক্ষাবিদ আশুতোষ মুখোপাধ্যায়ৰ জন্ম হৈছিল।
▶️১৮৭৬ চনৰ এই দিনটোতেই কবি মাইকেল মধুসূদন দত্তৰ মৃত্যু।
▶️১৮৯৩ চনৰ এই দিনটোতেই প্ৰসিদ্ধ পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহলানবিশৰ জন্ম হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই তিনি মাহ ধৰি ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ সমস্যা সমাধানৰ বাবে কৰা অবিশ্ৰান্ত প্ৰয়াসৰ অন্তত কেবিনেট মিছনৰ ভাৰত ত্যাগ।
▶️১৯৯৬ চনৰ এই দিনটোতেই প্ৰবীণ চিপিআই নেতা ইন্দ্ৰজিৎ গুপ্ত ভাৰতৰ গৃহমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু উত্তৰাঞ্চল(বৰ্তমান উত্তৰাখণ্ড), ছত্তীশগড় ৰাজ্য গঠনৰ সিদ্ধান্ত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা অমান্য কৰি কছভো লিবাৰেচন আৰ্মীৰ কছভো দখল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাৰ টাইগাৰ হিলাৰ কাষৰ দুটা পৰ্বতশৃংগ অধিকাৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আদিবাসী সংঘৰ্ষত নাইজেৰিয়াত ২০৬ জন লোকৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই দেশৰ সপ্তমগৰাকী উপ-প্ৰধানমন্ত্ৰীৰূপে লালকৃষ্ণ আদৱানিৰ শপতগ্ৰহণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই হামবুৰ্গত অনুষ্ঠিত চতুৰ্দেশীয় মাষ্টাৰ্ছ হকী টুৰ্ণামেণ্টত ভাৰত চেম্পিয়ন।।

You might also like
Leave A Reply

Your email address will not be published.