ব’লব’মলৈ গৈ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ!

চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

নিউজ ডেস্কঃ

ব’লব’মলৈ গৈ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ! চিয়াং নদীত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ। উল্লেখ্য যে সোমবাৰে নিশা ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ গৈছিল কানায়া চাহানী আৰু গলু চাহানী নামৰ দুই কিশোৰ। সন্ধানহীন দুই কিশোৰ জোনাইৰ উদয়পুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি দুই কিশোৰ জোনাইৰ পৰা পাচিঘাটলৈ মন্দিৰ দৰ্শনৰ বাবে পিতৃ আৰু আন লোকৰ সৈতে ব’লবমত যাত্ৰা কৰিছিল। ইয়াৰ পাছতে নিশা গা ধুবলৈ চিয়াং নদীত নামৰ পাছৰে পৰা দুয়ো সন্ধানহীন হৈ পৰে।

You might also like
Leave A Reply

Your email address will not be published.