ৰাখী বন্ধনলৈ মাত্ৰ ৮টা দিন বাকী!

এই দিনটো গণ্য কৰা হয় ভাতৃ-ভগ্নীৰ বাবে এটা বিশেষ দিন হিচাপে

নিউজ ডেক্স:

ৰাখী বন্ধনলৈ মাত্ৰ ৮টা দিন বাকী ! এই দিনটো গণ্য কৰা হয় ভাতৃ-ভগ্নীৰ বাবে এটা বিশেষ দিন হিচাপে। ৰাখী বন্ধন উৎসৱ এই বছৰ ৩০ আৰু ৩১ আগষ্ট ২০২৩ত পালন কৰা হ’ব। ৰক্ষাবন্ধনৰ শুভ মুহূৰ্ত ৩০ আগষ্ট ২০২৩ৰ নিশা ০৯.০১ বজাৰ পৰা ৩১ আগষ্টৰ পুৱা ০৭.০৫ বজালৈ থাকিব। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে। ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়। বৈদিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন পালন কৰা হয়। সেই বাবে শাওনৰ পূৰ্ণিমা তিথিক বোলা হয় ৰাখী পূৰ্ণিমা।
ৰাখী বন্ধনৰ কিছু নিয়ম আছে। যেনে, ৰাখী পিন্ধাৰ সময়ত ভাতৃয়ে পূব দিশে মুখ কৰি বহিব লাগে। বিপৰীত দিশে অৰ্থাৎ পশ্চিম ফালে মুখ কৰি বহি ৰাখী পিন্ধাব লাগে ভগ্নীয়ে। নতুন পোছাক, গহণা, টকা বা আন কোনো উপহাৰ দিয়ে ভাতৃয়ে ভগ্নী বা বাইদেউক আৰু ভগ্নী নাইবা বাইদেউৱে ভাতৃ–দাদাক উপহাৰ দিয়ে। ৰাখী পিন্ধোৱাৰ সময়ত কোনো ৰুমাল বা আন কোনো পৰিষ্কাৰ কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখিব লাগে ভাতৃয়ে। ভাতৃৰ সোঁহাতৰ মণিবন্ধনত ৰাখী পিন্ধাব লাগে। কঁপালত আঁকি দিব লাগে চন্দনৰ ফোট। অকণমান চাউল ভাতৃৰ ওপৰত ছটিয়াই দিয়া শুভ বুলি ধৰণা কৰা হয়। ৰাখী পিন্ধাই দিয়াৰ পিছত ইজনে সিজনৰ মুখ মিঠা কৰিব লাগে বুলি এক পৰম্পৰা চলি আহিছে।

You might also like
Leave A Reply

Your email address will not be published.