বাৰাণসীত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম!

২৩ ছেপ্টেম্বৰত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণৰ সময়ত স্থাপন কৰিব ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা

নেচনেল ডেস্কঃ

কেইবাটাও নতুন আৰু অভিলাষী আঁচনিৰে ভাৰতবাসীক চমক দিবলৈ সাজু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৩ ছেপ্টেম্বৰত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণৰ সময়ত স্থাপন কৰিব বিশাল ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কাৰ্যসূচী অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশত মুঠ ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া সৰ্ববৃহত্‍ ক্ৰিকেট ষ্টেডিয়াম উপহাৰ দিব বাৰাণসীবাসীক। জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰাণসীৰ গঞ্জাৰীত স্থাপন কৰিব এই ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা । ৩০ হাজাৰ দৰ্শকৰ ক্ষমতা থকা এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সমাগম ঘটিব বহুতো ক্ৰিকেট তাৰকাৰ।

আনহাতে দিনজোৰা কাৰ্যসূচীৰে কাশীলৈ ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৬০০ কোটি টকাৰ আঁচনি মুকলি কৰিব । ইয়াত ৪০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা আৰু প্ৰায় ১২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰাজ্যখনৰ ১৬ খন অটল আৱাসিক বিদ্যালয়ো উদ্বোধন কৰা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী গৰাকীয়ে অটল আৱাসত নামভৰ্তি কৰা ৮০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪০ গৰাকীৰ সৈতে বাৰ্তালাপ কৰাৰ কথাও উল্লেখ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.