বিবাহৰ পৰা উভতাৰ পথতে তিনি বন্ধুৰ মৃত্যু!

বিবাহৰ পৰা উভতাৰ পথতে তিনি বন্ধুৰ মৃত্যু!

নেচনেল ডেস্ক:

ক্ষ্ণৌত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফ্লাইঅভাৰৰ পৰা হঠাতে তলত বাগৰী পৰিল দ্ৰুতবেগী বলেৰ’ বাহন। ফলত বলেৰ’ বাহনখনত থকা তিনিগৰাকী লোকৰ মৃত্যু হয়। ঘটনাটো শনিবাৰে নিশা প্ৰায় ১২.৩০ বজাত গাজীপুৰ আৰক্ষী থানা অঞ্চলৰ পলিটেকনিক ফ্লাইঅভাৰৰ সমীপতে সংঘটিত হৈছিল। জানিব পৰা মতে ইন্দিৰা নগৰৰ প্ৰিয়ংশু, নিশাতগঞ্জৰ অমিত, তক্ৰোহীৰ হৰ্ষ আৰু ডুডা কলনিৰ ৰাজকুমাৰ এখন বলেৰ’ বাহনত বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি আছিল। তেওঁলোকে অযোধ্যা ঘাইপথৰ পৰা মুন্সী পুলিয়া অভিমুখে উৰণীয়া সেঁতুৰ মাজেৰে গৈ আছিল। হঠাতে বলেৰ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ফ্লাইঅভাৰৰ খনৰ পৰা তললৈ বাগৰি পৰে। দুৰ্ঘটনাটোৰ ফলত প্ৰিয়াংশু, অমিত আৰু হৰ্ষৰ ঘটনাস্থলীতে থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে গাজীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় আধা ঘণ্টা অভিযান চলাই দুৰ্ঘটনাত পতিত বাহনখনৰ পৰা আন এজন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ততাতৈয়াকৈ যুৱক চাৰিজনক চিকিত্‍সালয়লৈ প্ৰেৰণ কৰে যদিও চিকিত্‍সকে চাৰিজন যুৱকৰ ভিতৰত তিনিজনক মৃত বুলি ঘোষণা কৰে। আনহাতে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.