ভয়ংকৰ পথ দুৰ্ঘটনা!

ভয়ংকৰ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক

গাজিয়াবাদৰ মুচুৰী অঞ্চলত দেওবাৰে পুৱা ঘন কুঁৱলীৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পুৱা বাহন সমূহ দিল্লী মিৰাট এক্সপ্ৰেছৱেৰ মাজেৰে তীব্ৰ গতিত পাৰ হৈ থকাৰ সময়তে হঠাতে এখন বিলাসী বাহন পথৰ মাজতে ৰৈ দিয়াত বাহন খনৰ পিছফালে অহা আন বাহনবোৰে ইখনৰ পিছত সিখন বাহনক খুন্দা মাৰে।দুৰ্ঘটনাটোত ৩৬ খনতকৈ অধিক বাহন ক্ষতিগ্ৰস্ত হয়। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.