ভাৰতীয় স্পীনাৰদ্বয়ৰ বলত ধৰাশায়ী অষ্ট্ৰেলিয়া!

যাদুকৰী বলেৰে জাডেজাৰ চমক

স্পৰ্টছ ডেস্ক:

ভাৰত অষ্ট্ৰেলিয়াৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্টৰ তৃতীয় দিনৰ খেলখনত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয় । খেলখনত ভাৰতৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰণ অস্বীনৰ চমকপ্ৰদ বলৰ যাদুৰে লাখ লাখ ভাৰতীয় ক্রিকেট প্ৰেমীৰ অন্তৰ জয় কৰাৰ লগতে ভাৰতীয় দলটোক দিলে শৃংখলা জয়ৰ সোৱাদ । ক্ৰিকেট সমালোচক সকলে এই খেলখনক জাডেজাৰ টেষ্ট কেৰিয়াৰৰ সৰ্বশ্রেষ্ঠ প্ৰদৰ্শিত খেল হিচাপে আখ্যা দিছে । আজিৰ খেলখনত দুই তাৰকা স্পীনাৰে কেৱল ৫৯ ৰান দিয়েই সংগ্ৰহ কৰিলে ৯ তাকৈ উইকেট । আৰু ইয়াৰ লগে লগে ভাৰতে ৬ উইকেটৰ ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাষ্ট্ৰ কৰি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । দুৰ্দান্ত স্পীনাৰ ৰবীন্দ্ৰ জাডেজাক আজিৰ খেলখনৰ “Player of the match” ঘোষণা কৰা হয় । খেলখনত তেওঁ দেখুওৱা প্ৰদৰ্শনৰ ওপৰত তেওঁক সোধা প্রশ্নৰ উত্তৰত কয় “আজিৰ খেলখনত তেওঁ নিজেই উপভোগ কৰি খেলিছিল ।” মেচখনত ১০ টা উইকেট দখল জাডেজাৰ । প্ৰথম ইনিঙছত ৩ টা আৰু দ্বিতীয় ইনিঙছত ৭ টা উইকেট দখলেৰে জাদেজাৰ চমকপ্ৰদ প্ৰদৰ্শন ।।

You might also like
Leave A Reply

Your email address will not be published.