পঞ্জাৱত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ!

দেওবাৰে পঞ্জাৱৰ সংগ্ৰুৰত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ

নেচনেল ডেস্ক:

দেওবাৰে পঞ্জাৱৰ সংগ্ৰুৰত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ।ছানৰুৰ-পটিয়ালা ৰাষ্ট্ৰীয় ঘাইপথত সুনামৰ ক্লাউডি বাছ ষ্টেণ্ডৰ সমীপৰ সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২১ জন গুৰুতৰভাৱে আহত হয়। নিহত চাৰিওজনেই মোগা জিলাৰ বধনী কালান গাঁৱৰ বাসিন্দা।

প্ৰচণ্ড কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে এম্বুলেন্সৰ সহায়ত আহতসকলক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।পিছত চিকিৎসকে চাৰিজন গুৰুতৰভাবে আহতক ৰাজেন্দ্ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.