বেলুচিস্তানৰ লাছবেলাত শোকাৱহ পথ দুৰ্ঘটনা!

দেওবাৰে পুৱা পাকিস্তানৰ বেলুচিস্তানৰ লাছবেলাত শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ খাৱৈত বাগৰি পৰাৰ ফলত মৃত্যু হয় ৩৯ যাত্ৰীৰ। ৪৮ গৰাকী যাত্ৰী লৈ বাছখন কুৱেটাৰ পৰা কৰাচীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । দ্ৰুত গতিৰে বেলুচিস্তানৰ লাছবেলাৰ ওচৰত ইউ টাৰ্ণ লওঁতেই দলঙৰ খুঁটাত খুন্দা মাৰে বাছখনে। ইয়াৰ পিছতে এটা খাৱৈত বাগৰি পৰাৰ পিছতে জুই লাগে বাছখনত। শিশুসহ এগৰাকী মহিলাকে ধৰি তিনি গৰাকী লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও হতাহতৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় আৰক্ষী সূত্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.