ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু ৭ বন্ধুৰ!

নিশা মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক:

নিশা মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ ছাত্ৰ। নিহত ছাত্ৰকেইজন গুৱাহাটীৰ অৰিন্দম ভোৱাল আৰু নিয়ৰ ডেকা, মঙলদৈৰ কৌশিক বৰুৱা, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু শিৱসাগৰৰ কৌশক মোহন। এখন স্কৰপিঅ’ বাহনত আহিছিল আটাইকেইজন ছাত্ৰ। দ্ৰুতবেগী স্কৰপিঅ’খনে প্ৰথমে ডিভাইডাৰত খুন্দা মাৰি ডিভাইডাৰ পাৰ হৈ খুন্দা মাৰে এখন বলেৰ’ পিকআপত। যাৰ ফলত গুৰুতৰভাৱে আহত হয় বলেৰ’ পিকআপখনত থকা ৩ জনকৈ লোক। ব্ৰইলাৰ ভৰ্তি আছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ পিকআপখন। আহত আটাইকেইজনকে GMCHত ভৰ্তি। নিহত আটাইকেইজন ছাত্ৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ আৰু ৭ নম্বৰ আৱাসৰ আৱাসী। উল্লেখ্য যে ছাত্ৰকেইজন থকা স্কৰপিঅ’খনৰ পৰা উদ্ধাৰ সুৰাৰ বটল। অত্যাধিক সুৰাপানৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।।

You might also like
Leave A Reply

Your email address will not be published.