ভোগেশ্বৰী ফুকননী আসামৰিক চিকিৎসালয় বন্ধ কৰি দিয়াৰ প্ৰতিবাদ!

নিউজ ডেস্ক:

মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাওঁ জিলাৰ প্ৰায় ৩৫ লাখ জনসাধাৰণে সেৱা লাভ কৰি অহা ৰাইজৰ একমাত্ৰ ভৰসাৰ ভোগেশ্বৰী ফুকননী আসামৰিক চিকিৎসালয় হঠাৎ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত তীব্ৰ বিষোদগাৰ প্ৰকাশ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ। ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসাখন নগাঁও মেডিকেল কলেজ হাস্পতাল মুকলি কৰাৰ আলমেৰে বন্ধ কৰিব নোৱাৰিব বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তি যোগে জানিবলৈ দিয়ে। উল্লেখ্য যে অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন ঠাইত মেডিকেল কলেজ স্থাপন কৰা হৈছে যদিও সেই স্থানৰ প্ৰাচীন অসামৰিক চিকিৎসালয় জৰুৰীকালীন সেৱাৰ কাৰণে ৰখা হৈছে।কিন্তু বৰ্তমান অসমৰ চিকিৎসা বিভাগটোয়ে দূৰদৰ্শী চিন্তাধাৰা নকৰাকৈ অসামৰিক চিকিৎসালয় খন তৎকালীন ভাবে বন্ধ কৰি দিয়াত সাধাৰণ ৰাইজে হাৰশাস্তিত ভুগিছে। নগাঁও জিলাতেই জন্ম গ্ৰহণ কৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক ৰূপক শৰ্মাই ক্ষিপ্ৰতাৰে পদক্ষেপ লৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসা লৈ খন স্থানান্তৰ কৰা কাৰ্য বন্ধ কৰাৰ দাবী মুখ্যমন্ত্ৰীক তুলিব লাগে বুলি নেতাদ্বয়ে মতপোষণ কৰে। এই ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে অতি শীঘ্ৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা হাতত নললে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে নেতাদ্বয়ে।৷

You might also like
Leave A Reply

Your email address will not be published.