আজি ৯ ফেব্ৰুৱাৰী

▶️১৮২৪ চনৰ আজিৰ দিনটোতেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি মধুসূদন দত্তৰ মাইকেল মধুসূদন দত্ত নামেৰে আত্মপ্ৰকাশ।
▶️১৮৮০ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ সাহিত্যিক ডস্তয়েভস্কি (সম্পূৰ্ণ নাম থিঅ’ডৰ মিখাইল’ভিচ ডস্তয়েভস্কি)ৰ মৃত্যু হৈছিল।
▶️১৮৮৯ চনৰ এই দিনটোতেই অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ উদ্যোগত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত সাহিত্যালোচনী ‘জোনাকী’ৰ প্ৰকাশ।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই নতুন দিল্লী চহৰৰ উদ্বোধনী উপলক্ষে ডাক বিভাগৰ ছয়টা ডাকটিকট মুকলি।এইকেইটাই আছিল ভাৰতৰ প্ৰথম স্মাৰক ডাকটিকট।
▶️১৯৪০ চনৰ এই দিনটোতেই দক্ষিণ আফ্ৰিকাৰ সাহিত্যিক জন মেক্সৱেল কোৱেৎজীৰ জন্ম হৈছিল। ২০০৩ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ প্ৰকাশন গোষ্ঠী ‘বাণী মন্দিৰ’ৰ প্ৰতিষ্ঠা।
▶️২০০৭ চনৰ এই দিনটোতেই গুৱাহাটীত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।এই বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত সামৰণি পৰিছিল সমাৰোহৰ।।

You might also like
Leave A Reply

Your email address will not be published.