ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প!

ইণ্টাৰনেচনেল ডেস্ক:

তুৰস্ক আৰু ছিৰিয়াত সংঘটিত হোৱা প্ৰলয়ংকাৰী ভূমিকম্পৰ আতংকৰ মাজতে বৃহস্পতিবাৰে ভয়ংকৰ ভূমিকম্পই কঁপালে ইণ্ডোনেছিয়াৰ পাপুয়া প্ৰদেশ। ৰিখটাৰ স্কেল ৫.৪ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্প।ভূমিকম্পৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে খহি পৰে কেইবাটাও ঘৰ আৰু অট্টালিকা। দিনৰ ১:২৮ বজাত সংঘটিত হোৱা ভূমিকম্পটোৰ উৎপত্তিস্থল ৰাজধানী জয়পুৰাৰ পৰা ১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ গভীৰতাত। মূল কম্পনৰ পিছতে অনুভূত হয় কেইবাটাও মৃদু জোকাৰণি।।

You might also like
Leave A Reply

Your email address will not be published.