নেচনেল ডেস্ক :
মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা।শনিবাৰে পুৱাৰ ভাগত এখন বাছ ইন্দোৰৰ পৰা ছত্ৰপুৰলৈ যোৱাৰ পথতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৫ গৰাকী লোক আহত হয় ।
দুৰ্ঘটনাটোৰ পিছতেই, আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত বাছ খনত থকা যাত্ৰীসকলক উদ্ধাৰ কৰে । দুৰ্ঘটনাটো কেনেকৈ ঘটিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
জানিব পৰা মতে, গোল্ডেন ট্ৰেভেলছ বাছখন ইন্দোৰৰ পৰা ছত্ৰপুৰলৈ গৈ থকাৰ সময়ত পুৱা প্ৰায় ৬ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ।ঘটনাৰ পাছতেই অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত যাত্ৰী সকল গভীৰ টোপনীত আছিল বুলি জানিব পৰা গৈছে।