মাদাগাস্কাৰত ভয়ংকৰ ঘটনা

পদপিষ্ট হৈ মৃত্যু কমেও ১২ গৰাকী লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

মাদাগাস্কাৰত ভয়ংকৰ ঘটনা।খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামৰ ভিতৰলৈ প্ৰৱেশ কৰা সময়তে পদপিষ্ট হৈ মৃত্যু কমেও ১২ গৰাকী লোকৰ। আনহাতে ঘটনাটোত আহত হয় ৮০ গৰাকী লোক।

খবৰ মতে, ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছৰ মুকলি অনুষ্ঠানৰ বাবে দেশখনৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ক্ৰীড়াপ্ৰেমীৰ অনিয়ন্ত্ৰিত ভিৰৰ ফলত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। জানিব পৰা মতে, শুকুৰবাৰে বাৰেয়া ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত প্ৰায় ৫০ হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল। আহত সকলক আন্টানানাৰিভ’ৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.