মেদবহুলতাৰ সমস্যাত ভূগিছে নেকি ??

খাদ্যৰ সঠিক তালিকা জানো আহক!

নিউজ ডেক্স:

মেদবহুলতাৰ বাবে আপুনি সমস্যাত ভুগিছে নেকি? মেদবহুলতাৰ বাবে আপুনি ৰাতিৰ আহাৰ বা ৰাতিপুৱাৰ আহাৰ খাবলৈ বাদ দিছে নেকি? মেদবহুলতাৰ বাবে আমি জীৱনশৈলী সলনি কৰো । কিন্তু বেছি সময়ত আমি উপকৃত হোৱা দেখা নাযায় । বেছিভাগ লোকে ওজন হ্ৰাস কৰিবলৈ কম খাদ্যৰ পৰামৰ্শ দিয়ে । কিন্তু ইয়াৰ দ্বাৰা জানো আমাৰ সমস্যাৰ সমাধান হয় ??

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে আপুনি স্বাস্থ্যকৰ আৰু সুস্বাদু খাদ্য খাই ওজন হ্ৰাস কৰিব পাৰে। যদি আপুনি কিছুমান বস্তু সঠিক মিশ্ৰণৰ সৈতে খায় তেন্তে ই আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ওজন হ্ৰাসৰ বাবে কেলৰি অত্যাৱশ্যকীয় । যদি আহাৰত আঁহ আৰু প্ৰ’টিনৰ পৰিমাণ অধিক ৰখা হয়, তেন্তে ওজন হ্ৰাস কৰা সহজ হয়। আপোনাৰ পাচন তন্ত্ৰৰ বাবে আঁহ অত্যাৱশ্যকীয়।আনহাতে প্ৰ’টিনে আপোনাক শক্তি প্ৰদান কৰে। সেয়ে ওজন হ্ৰাসৰ বাবে
অমলেট আৰু গ্ৰীণ টি, গাখীৰৰ সৈতে ওটচ, দৈ আৰু কল(কাৰণ
কলত যথেষ্ট পৰিমাণৰ আঁহ থাকে যি পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে) আৰু কেলচিয়াম সমৃদ্ধ দৈ খোৱা প্ৰয়োজন। মুছলিও ওজন হ্ৰাসৰ বাবে এটা ভাল বিকল্প। বাদাম মাখনিও খাব পাৰে ।বাদাম মাখনিত যথেষ্ট পৰিমাণৰ প্ৰ’টিন থাকে যি আপোনাক দীৰ্ঘসময়ৰ বাবে ভোকৰ পৰা আঁতৰত ৰাখে।
খাদ্যৰ তালিকাখন সঠিক ভাৱে তৈয়াৰ কৰি ল’ব জানিলে ওজন হ্ৰাস কৰাটো সহজ হ’ব আৰু দুৰ্বলো অনুভৱ নকৰিব।

 

You might also like
Leave A Reply

Your email address will not be published.