পঢ়া-শুনাত বেয়া বুলি আপুনি হতাশাত ভুগিছে নেকি?

চিন্তা নকৰিব!পৰীক্ষাত ফেইল মানেই বিফলতা নহয়।

চিন্তা নকৰিব!পৰীক্ষাত ফেইল মানেই বিফলতা নহয়।

কোনো মহৎ লোকে কোৱা মতে সফলতা চূড়ান্ত নহয়, বিফলতা মাৰাত্মক নহয়, আগবাঢ়ি যোৱাৰ সাহসেই গুৰুত্বপূৰ্ণ। আমি জীৱনত কেতিয়াবা আঘাতপ্ৰাপ্ত অনুভৱ কৰো, বিশেষকৈ যেতিয়া কথাবোৰ কঠিন হয় কিন্তু সেই মুহূৰ্তবোৰত অনুপ্ৰাণিত হৈ থাকিবলৈ আমাক সাহস আৰু বিশ্বাসৰ প্ৰয়োজন হয়।আচলতে এই বিফলতা জীৱন সফলতাৰ আৰম্ভণিও হ’ব পাৰে। এনে হাজাৰটা উদাহৰণ আছে। কিন্তু এই উদাহৰণবোৰ বাৰে বাৰে আমি পাহৰি যাও কিয়? ইতিমধ্যে
সমগ্ৰ ৰাজ্যতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু মেট্ৰিক পৰিক্ষা আৰম্ভ হৈছে।কিন্তু তেওঁলোকৰ ৰিজাল্টৰ ঘোষণা হোৱাৰ পাছত শিক্ষাৰ্থীৰ আত্মহত্যাৰ দৰে চৰম
সিদ্ধান্তৰ ঘটনাই এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰে।জীৱনৰ যিকোনো পৰস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সন্তানক গঢ়ি তোলাৰ দায়িত্ব বিশেষকৈ পিতৃ-মাতৃৰ। পৰীক্ষা বা শ্ৰেণীকোঠাৰ সফলতা যে জীৱনৰ সকলো সফলতাৰ মাপ-কাঠি নহয়, এই কথাষাৰৰ প্ৰমাণ হিচাপে এটা কাহিনী আমি উদাহৰণ হিচাপে লব পাৰো।

বিশ্ববিখ্যাত বিজ্ঞানী থমাছ এডিছনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শতিকাৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত সকলোতকৈ আগত নাম লব পাৰি এডিছনৰ। বিভিন্ন আৱিষ্কাৰৰ লগতে বাল্বৰ দৰে মহান আৱিষ্কাৰৰ বাবে সদায়ে সকলোৱে মনত ৰাখিব এডিছনক। কিন্তু শতিকাৰ এই মহান বিজ্ঞানীগৰাকী পঢ়াৰ ক্ষেত্ৰত থকা দুৰ্বলতা বাবেই এদিন বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হৈছিল।

তেওঁক স্কুলৰ পৰা উলিয়াই দিয়া পাছত এজন শিক্ষকে তেওঁ হাতত এখন কাগজ দিছিল আৰু সেই কাগজখন তেওঁৰ মাতৃক দিবলৈ কৈছিল। ঘৰ আহি পাইয়ে এডিছনে মাকক কাগজখন দি সেইখন স্কুলৰ পৰা দি পঠিওৱাৰ কথা কলে আৰু কণমাণি এডিছনে মাকক সুধিলে সেই কাগজখনত কি লিখা আছে? মাকে তেতিয়া ডাঙৰ ডাঙৰকৈ চিঠিখন পঢ়ি এডিছনক শুনালে। মাকে পঢ়িলে- আপোনাৰ পুত্ৰ অতিকৈ জিনিয়াছ। কিন্তু তাক গঢ়িব পৰাকৈ আমাৰ স্কুলৰ আন্তগাথনিৰ লগতে ভালকৈ পঢ়াবলৈও শিক্ষকৰ অভাৱ। গতিকে তেওঁক আপুনি ঘৰতে পঢ়াব।

এইদিনটোৰ পাছতে থমাছ এডিছনক মাকে নিজেই পঢ়ালে ঘৰতে। এনেকৈ মাতৃয়ে দিয়া শিক্ষাগ্ৰহণ কৰিয়েই এডিছন এদিন মহান আৱিষ্কাৰক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিলে। মাতৃৰ মৃত্যুৰ পাছত এদিন পুৰণি নথি-পত্ৰ খুচৰতে এডিছনে স্কুলৰ পৰা মাকৰ বাবে পঠিওৱা সেই বিশেষ চিঠিখন পাইছিল আৰু চিঠিখন পঢ়ি এডিছনে শোকত ভাগি পৰিছিল।কিয়নো চিঠিখনত তেওঁৰ মাতৃয়ে পঢ়ি যোৱা তেনেধৰণৰ কোনো বাক্য চিঠিতখনত লিখা নাছ্লি তাৰ পৰিবৰ্তে
লিখা আছিল- ‘আপোনাৰ সন্তানৰ মগজু অতিকৈ দুৰ্বল। তাক আমি পঢ়াব নোৱাৰো। যাৰবাবে তাক স্কুলৰ পৰা বাহিৰ কৰা হৈছে’।

চিঠিখন পঢ়ি উঠিয়েই থমাছ এডিছনে নিজৰ ডায়েৰীত লিখিছিল- Thomas A. Edison এনে এটা লৰা, যাৰ মগজু অতি দুৰ্বল । তাক নিজৰ মাকে পঢ়াই এই শতিকাৰ এজন জিনিয়াছ মানুহ হিচাপে গঢ়ি তুলিলে।Thomas A. Edison এটা মাত্ৰ উদাহৰণহে। বিশ্বত এনে মহান ব্যক্তিৰ লোক বহু উদাহৰণ আছে। যিসকলে পৰীক্ষাত বিফল হৈছিল যদিও আজি জীৱন যুঁজত সফল হৈছে।

You might also like
Leave A Reply

Your email address will not be published.