ঔষধি গুণেৰে ভৰপূৰ চজিনা

জানো আহক ইয়াৰ বিষেশ উপকাৰিতা

জানো আহক ইয়াৰ বিষেশ উপকাৰিতা

তৰৰ এবিধ উদ্ভিদ চজিনা যাৰ পুষ্টি পৃথিৱীৰ আটাইতবোৰ গছতকৈ বেছি l চজিনা গছৰ ঔষধি গুণ ডাল , পাত , ফুল-ফল , শিপা আদি সকলোতে সমৃদ্ধ হৈ থাকে।চজিনাৰ কোমল পাত শাক হিচাবে বসন্ত কালত খালে বসন্ত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি । চজিনা গছক অলৌকিক গছ বুলিও কোৱা হয় l কোনো বিশেষজ্ঞৰ মতে চজিনাত শাকতকৈও ২৫ গুণ বেছি আইৰণ আৰু কলতকৈও ৩ গুণ বেছি পটাচিয়াম আছে যি হাৰ্টৰ বাবে অতি উপকাৰী l তাৰোপৰি চজিনা পাতত গাজৰতকৈ ৪ গুণ বেছি ভিটামিন আৰু গাখীৰতকৈ ৪ গুণ বেছি পুষ্টিকতা আছে আৰু নেমুতকৈ ৭ গুণ বেচি কেলচিয়াম আছে বুলি জানিব পাৰো। চজিনা গছে বছৰত এবাৰ ফল দিয়ে , কিন্তু পাতবোৰ সদায়েই থাকে l পাতবোৰ শুকুৱাই গুৰি কৰি থবও পাৰি l ই কলেষ্টৰেল কমাই , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ডাইবেটিছ কমাবলৈও সহায় কৰে।

চজিনা স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট আহাৰ।চজিনা খোৱাৰ ৭টা আচৰিত উপকাৰীতা-

১)চালৰ ৰোগ দূৰ কৰে : চজিনা ছালৰ বাবেও অতি উত্তম কাৰণ ইয়াত এন্টিফাংগেল গুণ থাকে।চজিনাত পোৱা বহুতো বেক্টেৰিয়াৰোধী আৰু এণ্টিবায়টিক যৌগ, যি বীজাণু আৰু সংক্ৰমণ সৃষ্টিকৰা বীজাণুৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে।ইয়াৰ পাতৰ সৈতে DIY ফেচ মাস্ক বনাওক যিয়ে আপোনাৰ ছালখনক তৎক্ষণাত পৰিষ্কাৰ কৰি তুলোৰ লগতে পিম্পলছ দূৰ কৰিব।

২. ৰক্ত পৰিষ্কাৰ কৰে:চজিনাই এন্টিবায়টিক এজেণ্ট হিচাপে কাম কৰে আৰু ৰক্ত বিশুদ্ধ কৰাত সহায় কৰে। মূলতঃ এন্টিবায়টিকৰ গুণে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।নিয়মিত চজিনা খালে ৰক্ত সঞ্চালন আৰু ভাল কৰাত সহায় কৰে।

৩. ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়: চজিনাই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে আৰু জ্বৰৰ সময়ত শৰীৰৰ তাপমাত্রা নিয়ন্ত্রণ কৰাতো সহায় কৰে।উচ্চ ৰক্তচাপ থকা লোকৰ ক্ষেত্ৰতো ই হৃদযন্ত্ৰক সুৰক্ষা দিয়ে।

৪. ৰক্তচাপ আৰু ডায়েবেটিছ : চজিনাত প্রচুৰ পটাচিয়াম থকাত ই উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰাতো অতি কার্যকৰী। চজিনাত থকা বিভিন্ন ভিটামিন আৰু খনিজ ডায়াবেটিছত আক্রান্ত ৰোগীসকলৰ বাবে খুব উপকাৰী।

৫. হাড় মজবুত কৰে : চজিনাত থকা অধিক পৰিমাণৰ কেলচিয়াম আৰু আইৰণৰ উপস্থিতিয়ে হাড়ৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু হাড় শক্তিশালী হোৱাত সহায় কৰে। যদি আপুনি নিয়মিতভাৱে চজিনা খায় তেন্তে ই হাড়ৰ ঘনত্বৰ খহনীয়া ৰোধ কৰে।

৬.শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে: চজিনাই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত অতি উপকাৰী। চজিনাত থকা এন্টিঅক্সিডেণ্টে এলার্জি প্রতিৰোধ কৰে, ফলত এলার্জিৰ কাৰণে যি শ্বাসকষ্ট হয় সেয়া দূৰ কৰে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে আৰু এলাৰ্জীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

৭)হজম শক্তি উন্নত কৰে : নিয়াচিন, ৰাইবোফ্লেভিন আৰু ভিটামিন বি ১২ ৰ দৰে প্ৰয়োজনীয় অণুপুষ্টিকৰ পদাৰ্থৰে ভৰপূৰ চজিনাই হজম শক্তি উন্নত কৰে বুলি জনা যায়। চজিনা ফুলৰ ৰস খালে পেটৰ বিষ বা পেট সম্পৰ্কীয় যিকোনো সমস্যা যেনে , গেষ্ট্ৰিক, বদহজম আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে।

You might also like
Leave A Reply

Your email address will not be published.