শিলচৰত লোমহৰ্ষক হত্যাকাণ্ড!

মাতৃৰ সন্মুখতে চুৰীৰে হানি-খুচি হত্যা ৭ বছৰীয়া শিশুক

নিউজ ডেস্ক :কাছাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । ৰাজপথতে এজন যুৱকে এটি সাত বছৰীয়া শিশুক হত্যা কৰাৰ লগতে শিশুটিৰ মাতৃকো আঘাত কৰে। ঘটনাটো সংঘটিত হৈছিল শনিবাৰে দুপৰীয়া শিলচৰ চহৰৰ পানীতাকনি অঞ্চলত ।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি দুটা পৰিয়ালৰ মাজতে এটুকুৰা মাটিক লৈ দীৰ্ঘদিনৰে পৰা চলি আহিছিল বাদ-বিবাদ।ৰাজপথতেই দুই পক্ষৰ বাদ বিবাদৰ অন্তত ৩০ বছৰীয়া যুৱক জনে চুৰীৰে আক্ৰমণ কৰে পুত্ৰ-মাতৃক। অভিযুক্ত যুৱকজনে প্ৰথম শিশুটোৰ মাতৃগৰাকীক আক্ৰমন কৰিবলৈ চেষ্টা কৰিছিল যদিও মহিলা গৰাকীৰ হাতত এখন চুৰি প্ৰত্যক্ষ কৰাত পলায়ন কৰে । কিন্তু সেই সময়তে মাকৰ পিছফালে থকা শিশুটিক দেখি যুৱক জনে শিশুটিক পিছফালৰ পৰা চুৰীৰে আক্ৰমণ কৰে।কিছু সময়ৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মাতৃ-পুত্ৰক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে শিশুটোক মৃত ঘোষণা কৰে। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰি অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

You might also like
Leave A Reply

Your email address will not be published.