আজি ১৩ মাৰ্চ

▶️১৭৩৩ চনৰ এই দিনটোতেই ইংৰাজ ৰসায়নবিদ যোচেফ প্ৰিষ্টলীৰ জন্ম হৈছিল।
▶️১৮৫৫ চনৰ আজিৰ দিনটোতেই প্লুটো গ্ৰহৰ অৱস্থিতিৰ সম্ভেদ দিয়া মাৰ্কিন জ্যোতিৰ্বিজ্ঞানী পাৰ্চিভেল ল’ৱেলৰ জন্ম হৈছিল।
▶️১৯৩০ চনৰ এই দিনটোতেই সৌৰজগতৰ গ্ৰহ প্লুটোৰ আৱিষ্কাৰ। ২০০৬ চনৰ ২৪ আগষ্টৰ পৰা প্লুটোক পূৰ্ণ গ্ৰহ নহয়,বামন গ্ৰহৰূপেহে স্বীকৃতি দিয়া হয়।
▶️১৯৬৩ চনৰ এই দিনটোতেই প্ৰথমবাৰৰ বাবে অৰ্জুন বঁটা ঘোষণা।প্ৰথম বছৰৰ বঁটা ১৯৬২ চনত ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকললৈ আগবঢ়োৱা হয়।
▶️১৯৭৫ চনৰ এই দিনটোতেই যুগোশ্লাভিয়াৰ প্ৰখ্যাত সাহিত্যিক ইভো এণ্ড্ৰিকৰ মৃত্যু হৈছিল। তেওঁ ১৯৬১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই নৱম লোকসভা ভংগ হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশ্বৰ জনপ্ৰিয় কমিক ষ্ট্ৰিপ ‘ফেন্টম’ আৰু ‘মেনড্ৰেক’ৰ স্ৰষ্টা লি ফকৰ মৃত্যু হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অস্ত্ৰ ক্ৰয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বিজেপিৰ সভাপতি পদৰ পৰা বাংগাৰু লক্ষ্মণৰ পদত্যাগ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই নিৰুপমা বৰগোহাঞিক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান।।

 

You might also like
Leave A Reply

Your email address will not be published.