RRR গীতৰ ইতিহাস সৃষ্টি!

৯৫ সংখ্যক অকাডেমী বঁটা অনুষ্ঠানত যিকোনো ভাৰতীয় ছবিৰ পৰা অস্কাৰ সন্মান লাভ কৰা প্ৰথমটো গীত

নিউজ ডেস্ক:

RRR গীতৰ ইতিহাস সৃষ্টি! ৯৫ সংখ্যক অকাডেমী বঁটা অনুষ্ঠানত যিকোনো ভাৰতীয় ছবিৰ পৰা অস্কাৰ সন্মান লাভ কৰা প্ৰথমটো গীত। এছ এছ ৰজামৌলিৰ RRRৰ ‘নাটু নাটু’ৱে লাভ কৰিছে ২০২৩ চনৰ অকাডেমী বঁটা । শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত সন্মানীয় অস্কাৰ বিজয়ী হোৱা প্ৰথমটো গীত হিচাপে পৰিগণিত হৈছে ‘নাটু নাটু’।

‘এপ্লাউজ’ (টেল ইট লাইক এ উইমেন), হোল্ড মাই হেণ্ড (টপ গান মেভেৰিক), লিফ্ট মি আপ (ব্লেক পেথাৰ ৱাকাণ্ডা ফৰ এভাৰ) আৰু ‘ডিছ ইজ এ লাইফ’ (এভাৰিথিং এভাৰিৱেৰ অল এট) আদি শাখাৰ আন মনোনীতসকলক পৰাস্ত কৰি লাভ কৰে এই সন্মানীয় বঁটা। সংগীত পৰিচালক এম এম কীৰাভানীয়ে গ্ৰহণ কৰে এই বঁটা।

উল্লেখ্য যে, ২০০৯ চনত ‘স্লামডগ মিলিয়নাৰ’ৰ ‘জয় হো’ৱে একেটা শাখাতে এটা বঁটা লাভ কৰাৰ পিছত এই সন্মানীয় বঁটা লাভ কৰা দ্বিতীয়টো ভাৰতীয় গীত।

You might also like
Leave A Reply

Your email address will not be published.