পুনৰ যুৱতীক হত্যা কৰি টুকুৰা টুকুৰ কৰিলে মৃতদেহ

নেচনেল ডেস্ক: ম্মু-কাশ্মীৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । এগৰাকী যুৱতীক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি পেলাই দিয়ে শব্বীৰ আহমেদ ৱানী নামৰ এজন লোকে । ৮ মাৰ্চৰ দিনা যুৱতীগৰাকীৰ ভাতৃ তনবীৰ আহমেদ খানে তেওঁৰ ভগ্নী ৭ মাৰ্চত প্ৰশিক্ষণ কেন্দ্ৰলৈ যোৱাৰ পিছৰে পৰা ঘৰলৈ উভতি নহাৰ এটা গোচৰ ৰুজু কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ভাতৃৰ গোচৰৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে মোহন্দপোৰা বাদগামৰ বাসিন্দা শব্বীৰ আহমেদ ৱানীক । জেৰাৰ সময়ত যুৱতী গৰাকীক নিজৰ ঘৰলৈ নি প্ৰথমে হত্যা কৰা বুলি অভিযুক্তজনে প্ৰকাশ কৰে। তাৰ পাছত মৃতদেহটো টুকুৰা টুকুৰ কৰি ৰে’লৱে দলঙৰ লগতে বিভিন্ন স্থানত পেলাই দিয়ে । ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি উদ্ধাৰ কৰিছে যুৱতী গৰাকীৰ মুৰ আৰু শৰীৰৰ অন্যান্য অংশ । কিন্তু কি কাৰণত লোক জনে মহিলা গৰাকীক হত্যা কৰিলে তাৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.