জম্মু-কাশ্মীৰত উদ্ধাৰ বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ!

জম্মু-কাশ্মীৰত আৰক্ষীৰ বৃহৎ সফল অভিযান

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত আৰক্ষীৰ বৃহৎ সফল অভিযান। উত্তৰ কাশ্মীৰৰ হান্দৱাৰাৰ হাংনিকোট অঞ্চলত এটা গোপন অস্ত্ৰ ভাণ্ডাৰৰ পৰা উদ্ধাৰ বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ। শালনাৰ হাংনিকোটত হান্দৱাৰা আৰক্ষীয়ে তালাচী চলাইছিল এই অভিযান। খৱৰটো আৰক্ষীয়ে সদৰি কৰে এক বিবৃতি যোগে ।অভিযানকালত আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ এটা পুৰণি ভাণ্ডাৰ । অভিযানত উদ্ধাৰ ২টা মেগজিন, ৭৫ ৰাউণ্ডৰ গুলীৰ লগতে ১টা এ কে ৪৭ ৰাইফল, ১০ টা গ্ৰেনেড, ২৬টা ইউবিজিএল গ্ৰেনেড, ৮ টা ইউবিজিএল বুষ্টাৰ, ২ ফ্লেম থ্ৰোয়াৰ, ৫ টা ৰকেট শ্বেল আৰু ৩ টা ৰকেট বুষ্টাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে প্ৰাসঙ্গিক ধাৰাৰ অধীনত ভিলগাম আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে এজাহাৰ।।

You might also like
Leave A Reply

Your email address will not be published.