সংস্কৃত পণ্ডিত ডঃ অকন চন্দ্ৰ শইকীয়ালৈ চলিত বৰ্ষৰ ‘টীয়ক গৌৰৱ’ বঁটা

অনুসন্ধানমূলক আৰু গ্ৰাম্য সাংবাদিকতাৰ বাবে দুই সাংবাদিকলৈ স্বীকৃতি

নিউজ ডেস্ক:

টীয়ক প্ৰেছ ক্লাৱে প্ৰৱৰ্তন কৰা সদৌ অসম ভিত্তিত জ্যেষ্ঠ সাংবাদিক বিজয় প্ৰকাশ বৰুৱা সোঁৱৰণী অনুসন্ধানমূলক বঁটা আৰু সতীৰ্থ সাংবাদিক মৃদুল বৰুৱা সোঁৱৰণি গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে ক্ৰমে নৰেন হাজৰিকা আৰু অজন্ত কুমাৰ বৰাক নিৰ্বাচন কৰা হৈছে।অহা ৫ মাৰ্চ,দেওবাৰে টীয়ক প্ৰেছ ক্লাৱে ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বৰ্নাঢ্য কাৰ্যসূচীত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।উক্ত অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত বিশেষ ভাৱে উপস্থিত থাকিব।ইপিনে এই অনুষ্ঠানতে টীয়ক প্ৰছ ক্লাৱে প্ৰৱৰ্তন কৰা টীয়ক গৌৰৱ বঁটা-২০২৩ বিশিষ্ট সংস্কৃত পণ্ডিত ড৹ অকণ চন্দ্ৰ শইকীয়াক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সকলে জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.