২দশকৰ অন্তত পূৰন হোৱা এটা সপোন

ভাৰতীয় ক্ৰিকেট দললৈ ছৰফৰাজ.

পুনি বাৰু শৈশৱতে কি সপোন দেখিছিল? ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ নে অভিনেতা বা গায়ক হোৱাৰ নে শিক্ষক বা সৈনিক হোৱাৰ? পূৰাব পাৰিলেনে আপুনি আপোনাৰ সপোনটো? নে জীৱৰ কঠোৰ বাস্তৱে আপোনাক বহুদূৰ আঁতৰাই নিলে আপোনাৰ কণমানি মনটোৱে দেখা সেই ধুনীয়া সপোনটোৰ পৰা?
শৈশৱ কালত আমাৰ সকলোৰে একোটা সপোন থাকে। যিটো সপোনে সংগোপনে আমাৰ বুকুত বাহ বান্ধে। কোনোবাই নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ নিজৰ সৰ্বস্ব দিয়ে আৰু সেই সপোন বাস্তবায়িত কৰে। কেতিয়াবা আকৌ সৰ্বস্ব দিও বিধিৰ বিধানৰ ওচৰত হাৰ মানি যায় বহুজনে। এইদৰেই সকলোৰে সপোন পূৰন কৰাৰ যুঁজখন চলি থাকে। কোনোৱা জিকি যায় আৰু কোনোবাই নিজৰ গতিপথ সলনি কৰে।
আপোনাৰ মোৰ দৰেই এজন ৬বছৰীয়া ল’ৰাই এটা সপোন দেখিছিল। ক্ৰিকেটাৰ হোৱাৰ সপোন। ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী পিন্ধি দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন। দেউতাকে আনি দিয়া ক্ৰিকেট বেটখন হাতত লৈ ২ পিতা-পুত্ৰই দেখা এটা সপোনৰ আৰম্ভণি হৈছিল মুম্বাইৰ এটা উপকণ্ঠীয় অঞ্চলৰ পৰা। সপোন পূৰোৱাৰ যুঁজত মুম্বাইৰ আজাদ মৈদামত নিজৰ জীৱৰ সোণোৱালী সময়ৰ সিংহভাগ পাৰ কৰা এইজন খেলুৱৈ হৈছে বৃহস্পতিবাৰে ভাৰতীয় টেষ্ট ক্ৰিকেট দলত অভিষেশ ঘটা সোহতীয়া বেটাৰ ছৰফৰাজ নৌচাদ খান।
৬বছৰ বয়সৰ পৰাই ক্ৰিকেটৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ছৰফৰাজৰ আছিল মাত্ৰ এটাই সপোন, এদিন পিতৃৰ চকুৰ সন্মুখত তেওঁ পিন্ধিব ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী। সেই সপোন বুকুত বান্ধিয়ে শৈশৱৰ পৰাই ক্ৰিকেটকে নিজৰ সৰ্বস্ব দিছিল ছৰফৰাজে।
ক্ৰিকেট খেলৰ বাবে স্কুলীয়া জীৱনৰ উলহ-মালহৰ পৰাও নিজকে বঞ্চিত কৰি ৰাখিছিল ছৰফৰাজে। ক্ৰিকেটৰ প্ৰতি থকা অপাৰ ভালপোৱা আৰু নিজৰ সপোনৰ প্ৰতি দৃঢ়প্ৰতিজ্ঞ ছৰফৰাজে খেলৰ বাবে ৪বছৰ স্কুললৈ যাব পৰা নাছিল যাৰ বাবে তেওঁ ব্যক্তিগত টিউটৰৰ দ্বাৰা সেই ৪বছৰৰ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল।

বাৰিষাকালত তেওঁ বাস কৰা উপকণ্ঠীয় অঞ্চলৰ পৰা আজাদ মৈদামলৈ যোৱাটো কঠিন আছিল সেয়েহে তেওঁ সেই সময়ত নিজৰ ঘৰৰ ওচৰৰ ছিনথেঠিকৰ এখন কৃত্ৰিম পিটছত অনুশীলন কৰিছিল। তেওঁৰ পিতৃ নৌচাদ খানে মন্তব্য কৰা মতে, কৃত্ৰিম পিটছখনত কৰা ছৰফৰাজৰ এই অনুশীলনে তেওঁক ভৱিষ্যতে মুখামুখি হ’ব লগা বাউঞ্চাৰ উইকেটৰ বাবেও সাজু হোৱাত সহায় কৰিছিল।
ছৰফৰাজৰ এই কষ্টই সাৰ্থকতাৰ প্ৰথম ৰেঙনি দেখিছিল যেতিয়া ২০০৯ চনত ১২বছৰ বয়সত তেওঁ ১৯৮৮চনত শচীন তেণ্ডুলকাৰে স্থাপন কৰা হেৰিছ শ্বিল্ডৰ অভিলেখ ভংগ কৰিছিল। অভিলেখভংগকাৰী সেই খেলখনত ছৰফৰাজে ৪২১টা বলত ৪৩৯ ৰাণ কৰিছিল। এই ইনিংচটোত ছৰফৰাজে মুঠ ৫৬টা ৪ আৰু ১২ টা ৬ অন্তৰ্ভূক্ত আছিল। ইয়াৰ পাছত তেওঁ মুম্বাইৰ ১৯ বছৰ অনুৰ্ধ দলৰ হৈ খেলিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ হৈ তেওঁৰ প্ৰদৰ্শনৰ ফলত ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ বাবে নিৰ্বাচিত হয়।
এইদৰেই তেওঁ ক্ৰিকেটৰ জগতখনত আগবাঢ়ি যায় আৰু ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপত ভাৰতক দুবাৰকৈ প্ৰতিনিধিত্ব কৰে। কিন্তু তেতিয়াও তেওঁৰ মনত তেওঁ ল’ৰালিতে দেখা সপোনটোৱে উকমুকাই আছিল। সেই সপোনটো আছিল মূল ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাৰ। সেই সপোনৰ বাবে ছৰফৰাজে যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু অৱশেষত ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীৰ দিনা সেই দিনটো আহিল। ৰাজকোটত ভাৰত-ইংলেণ্ডৰ মাজত চলি থকা তৃতীয় দিনাৰ মেচৰ আগমুহুৰ্তত প্ৰাক্তন ভাৰতীয় কেপ্তেইন অনীল কুমব্লেৰ হাতেৰে নিজৰ প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় টেষ্ট মেচৰ বাবে কেপ গেৰহণ কৰে ছৰফৰাজে।
৬ বছৰ বয়সত দেখা এটা সপোনে ২৬ বছৰত বাস্তৱৰূপ লোৱা সেই আৱেগিক মুহুৰ্তই এতিয়া মন চুই গৈছে সকলোকে।
সামাজিক মাধ্যমত ছৰফৰাজে অনিল কুমব্লেৰ হাতেৰে টেষ্ট কেপ গ্ৰহণ কৰা মুহুৰ্তৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’ত ছৰফৰাজে টুপী গ্ৰহণ কৰাৰ পাছতে পিতৃ নৌচাদ খানৰ হাতত টেষ্ট কেপটো তুলি দি আৱেগিক হৈ পৰা দেখা গৈছে।
অসুখীয়া নৌচাদ খানে তাৰকা ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱে তেওঁক পুত্ৰৰ এই সুখবৰ দিয়া বাবেহে তেওঁ ৰাজকোটলৈ আহি নিজ পুত্ৰৰ সপোন সাৰ্থক হোৱাৰ সেই অবিস্মৰণীয় মুহুৰ্তৰ সাক্ষী হ’ব পাৰিছে বুলি মন্তব্য কৰি তাৰকা খেলুৱৈগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
এইয়া আছিল ছৰফৰাজৰ সপোন পূৰনৰ কাহিনী। যি কাহিনীয়ে অনুপ্ৰাণিত কৰে হাজাৰজনক। যি কাহিনীয়ে সাহস দিয়ে সপোন দেখাৰ। যি কাহিনীয়ে সাহস দিয়ে সপোনৰ বাবে যুঁজ দিয়াত।

You might also like
Leave A Reply

Your email address will not be published.