যুৱপ্ৰজন্মৰ নতুন Love Anthem!

আহকচোন জানো Apa fer milange ভাইৰেল গীতটিৰ আঁৰৰ মানুহজনৰ কথা

যুৱপ্ৰজন্মৰ নতুন Love Anthem!
আহকচোন জানো Apa fer milange ভাইৰেল গীতটিৰ আঁৰৰ মানুহজনৰ কথা

০২৩ৰ শেষৰ ফালে মুকলি হোৱা সবি কাহলনৰ ভাইৰেল গীত Apa fer milange গীতটিয়ে মুক্তি লাভৰ পাছতেই জয়প্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰায় প্ৰতিটো প্ৰেমিকযুগলেই ইনষ্টাগ্ৰামত এই গীতটোত ৰিল বনাইছিল। কিন্তু আপুনি জানেনে এই জয়প্ৰিয় গীতটিৰ স্ৰষ্টা সবি কাহলনৰ পৰিয়ালে তেওঁ কণ্ঠশিল্পী হোৱাটো
একেবাৰেই বিচৰা নাছিল।আজি এই বিশেষ গীতটিৰ আঁৰৰ মানুজনৰ কথা জানি আপুনি আচৰিত হ’ব!

অমৃতসৰৰ নিৱাসী সবি কাহলনে চণ্ডীগড়ৰ পৰা নিজৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত উচ্চ শিক্ষাৰ বাবে তেওঁ নিউজিলেণ্ডলৈ যায়। নিউজিলেণ্ডত শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে তেওঁ গীত বনোৱা আৰম্ভ কৰিছিল আৰু সেই সময়তে Dr. Zeusৰ এটি গীতত অনুপ্ৰাণিত হৈ তেওঁ তেওঁৰ প্ৰথম গীতটি ৰচনা কৰিছিল। যিটো গীত তেওঁ এতিয়াও মুকলি নকৰিলে। আত্মহত্যাৰ দৰে সংবেদনশীল বিষয়ৰ ওপৰত ৰচনা কৰা তেওঁৰ প্ৰথম গীতটি যেতিয়া সবি কাহলানে তেওঁৰ মাতৃক শুনাইছিল সেই গীতৰ কথা শুনিয়ে তেওঁৰ মাতৃয়ে বুজি উঠিছিল যে তেওঁৰ পুত্ৰ এজন সু গীতিকাৰ।

সবি কাহলানৰ Apa fer milange গীতটিৰ আঁৰতো আছে এটি আমোদজনক কাহিনী। Apa fer milange গীতটিৰ যিটো অংশ আপোনালোকে দ্বিতীয় ভাগত শুনিবলৈ পাই সেই অংশটো সবি কাহলানে পোন প্ৰথমেই লিখিছিল। সেই অংশটো লিখাৰ প্ৰায় ৭/৮ মাহ পাছতহে তেওঁ গীতটিৰ বাকী অংশ লিখি গীতটি সম্পূৰ্ণ কৰিছিল। অন্য এটা আমোদজনক কথা হ’ল যে গীতটো ভাইৰেল হোৱাৰ পাছত কাহলানে যেতিয়া তেওঁৰ পিতৃক গীতটিৰ সফলতাৰ বিষয়ে জনাইছিল কিন্তু তেতিয়া তেওঁৰ পিতৃয়ে তেওঁক শুভেচ্ছা জনোৱাৰ পৰিৱৰ্তে তেওঁ বৰ্তমান ক’ত কৰ্মৰত সেই প্ৰশ্নহে কৰিছিল।ঘৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ নিজৰ সপোন পূৰণ কৰা সবি কাহলানৰ Apa fer milange গীতটিত আপোনালোকে তেওঁৰ পত্নীৰ চৰিত্ৰত যি গৰাকী অভিনেত্ৰীক দেখিছে তেওঁ প্ৰকৃততেই সবি কাহলানৰ পত্নী। এই কথাও নিশ্চয় বহু দৰ্শকে নাজানে।

Apa fer milange গীতটিৰ সফলতাৰ পাছতেই সবি কাহলাহে আৰু দুটি গীত ইউটিউবত মুকলি কৰিছে আৰু সেই গীত দুটাইয়ো Apa fer milangeৰ দৰেই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

You might also like
Leave A Reply

Your email address will not be published.