ফাগুন মাহত স্বাস্থ্যৰ যতন

জানো আহক ফাগুন মাহত লব লগা কিছুমান স্বাস্থ্যৰ যতনৰ কথা

ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ।এই সময়ত বৰষুণ প্ৰায় নোহোৱাৰ বাবে বতৰ শুকান আৰু ধূলিময় হয়।এই সমছোৱাত আমাৰ ছালখন ৰুক্ষ হোৱাৰ লগতে ছালৰ সৈতে জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে।আমাৰ বহুতৰে পছন্দৰ এই ফাগুন মাহতে বহু ৰোগও হোৱা দেখা যায়। কাৰণ এইসময়চোৱাত বতাহত ধোঁৱা, ধূলিকণা, ফুলৰ ৰেণু, শুং, জীৱ জন্তুৰ নোম, নানা ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আদি অণুজীৱ আদি মিহলি হৈ থাকে। যাৰ ফলত বেছিভাগ লোকেই কাহ, চৰ্দি, জ্বৰ, এলাৰ্জি, ছালৰ ৰোগ, বসন্ত ৰোগ, গেছ, বদ হজম, পেটৰ ৰোগ, ব্ৰংকাইটিছ, হাপানী আদিৰ দৰে ৰোগত ভোগে। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোক সহজে এইবোৰ ৰোগত আক্ৰান্ত হয়। কিন্তু অলপ যত্ন ললে বা কিছুমান নীতি নিয়ম মানি চলিলে আমি বহু পৰিমানে এনেবোৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো।

ফাগুন মাহত ল’ব লগা তেনে কেইটামান যতন তলত উল্লেখ কৰা হৈছে-

১)তুলসী :-অগণন ঔষধি গুণেৰে সমৃদ্ধ তুলসী গছ। জীৱাণুনাশক, এলাৰ্জি প্ৰতিৰোধক , তেজ পৰিষ্কাৰক, কফ নাশক আদি গুণযুক্ত তুলসী পাতৰ সেৱনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মিতভাৱে দুই তিনিখিলা কৈ তুলসী পাত সেৱন কৰিলে এইসময়ত হোৱা বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। জ্বৰ, কাহ, এজমা আদি ৰোগতো তুলসী উপকাৰী। এনেবোৰ ৰোগত অন্য ঔষধিৰ লগত তুলসীৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

২)হালধি :- হালধিৰ অজস্ৰ গুণৰ কথা সকলোৱেই জানে। বিশেষকৈ এলাৰ্জিজনীত ৰোগ, ছালৰ ৰোগ, কফজনীত ৰোগ আদিত ইয়াৰ ব্যৱহাৰ চমকপ্ৰদ। হালধীয়ে তেজো পৰিষ্কাৰ কৰে যাৰ বাবে ছালৰ ৰোগত ই মহৌষধৰ কাম কৰে।কেঁচা হালধিৰ ৰস দুই চামুচ একাপ গাখীৰৰ লগত ৰাতিপুৱা সেৱন কৰিলে ই খুব সুন্দৰ ফল দিয়ে। কেঁচা হালধি নাপালে শুদ্ধ গুৰি হালধি এচামুছ এগিলাচ গাখীৰৰ লগত মিহলাই সেৱন কৰিলেও সুফল পোৱা যায়।

৩)আমলখি :- ভিটামিন চি, এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে , ছাল চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে, শৰীৰ শোধন কৰে আৰু বহু ৰোগ প্ৰতিৰোধ কৰে। নিয়মীয়াকৈ দুই তিনিটা আমলখি সেৱন কৰিলে বতৰ পৰিবৰ্তনৰ সময়ত হোৱা চৰ্দি,কাহ, এলাৰ্জি আদিৰ পৰা বাচি থাকিব পাৰি। আমলখিয়ে আমাক চিৰসেউজীয়া কৰিও ৰাখে অৰ্থাৎ দেহৰ যৌৱনাৱস্থা অটুট ৰখাত সহায় কৰে।

৪)আদা :- আদাই হজমী শক্তি বৃদ্ধি কৰে , ভোক বঢ়ায় আৰু কফজনীত ৰোগ, পেটৰ ৰোগ আদিতো উপকাৰী। আদাৰ লগত অকণমান ক’লা নিমখ আৰু নেমুৰ ৰস দি ভোজন কৰাৰ আগত সেৱন কৰিলে পেটৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। কফজনীত ৰোগতো আদাৰ ৰস, তুলসীৰ ৰস আৰু অন্যান্য ঔষধিৰ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

৫)মৌজোল :- মৌ আমাৰ বাবে অমৃতসম। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ই কাহ,চৰ্দি, এলাৰ্জি, হাপানী, ব্ৰংকাইটিছ আদি বহু ৰোগ নিৰাময় কৰে। নিয়মীয়াকৈ মৌজোল সেৱন কৰিলে ফাগুনত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধ ও নিৰাময় হয়। বিশেষকৈ ৰাতি শোৱাৰ সময়ত এচামুছ মৌ সেৱন কৰিলে বহু উপকৃত হোৱা দেখা যায়। তদুপৰি বিভিন্ন ৰোগত ঔষধিৰ লগত মৌক অনুপান হিচাবে সেৱন কৰিলে সুফল পোৱা যায়।

৬) দোৰোণ বন :- ফাগুন মাহত হোৱা যিকোনো ৰোগত দোৰোণ বন বৰ উপকাৰী। বিশেষকৈ তনচিলাইটিছ, চাইনাচাইটিছ, ফেৰিনজাইটিছ , পেটৰ সমস্যা , এলাৰ্জি, কফজনীত সমস্যা আদিত এই শাক উপকাৰী। নহৰু, জালুক দি কলপাতত সেকি নাইবা বইল কৰি পিতিকা হিচাবেও খাব পাৰি।

You might also like
Leave A Reply

Your email address will not be published.