ৰাজ্যত পুনৰ এনকাউণ্টাৰ!

নিউজ ডেস্ক:

ৰাজ্যত পুনৰ এনকাউণ্টাৰ! ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড শ্বাহ আলমৰ এনকাউণ্টাৰৰ ঠিক এদিন পিছতে ৰাজ্যত পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা। এইবাৰ এনকাউণ্টাৰ হৈছে চৰাইদেউ জিলাৰ সোণাৰীত। ডিব্ৰুগড় আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত সন্তোষ জয়ছোৱাল। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই সংবাদ মাধ্যমক জনোৱা মতে ২০১১ চনৰ পৰা বাইক চুৰিৰ অভিযোগত অভিযুক্ত জয়ছোৱাল বিগত কেইবা বছৰ ধৰি নিৰুদ্দেশ হৈ আছিল।শেহতীয়াকৈ সোণাৰীৰ শহুৰৰ ঘৰত বাহৰ পাতি থকা বুলি আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলোৱাত ডকাইতটোৱে পলোৱাৰ চেষ্টা চলায়। আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ চেষ্টা চলাওঁতে ডকাইতটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত দুৰ্ধৰ্ষ ডকাইত সন্তোষ জয়ছোৱাল গুলীবিদ্ধ হয়। লগে লগে জয়ছোৱালক AMCHলৈ নিয়া হয় যদিও চিকিত্‍সকে মৃত ঘোষণা কৰে।।

You might also like
Leave A Reply

Your email address will not be published.