ইণ্টাৰনেচনেল ডেস্ক:
ষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত এতিয়া তোলপাৰ লগাইছে অসমৰ এজন লোকৰ আত্মগোপন কাণ্ডই।বিদেশী বিনিয়োগকাৰীক ৰামঠগন দি পলাতক অসমৰ শিলচৰৰ অম্বৰজিৎ এন্দো ৷ ৬০ মিলিয়ন ডলাৰ, অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় ৫০০ কোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান হোৱাৰ অভিযোগ অসমৰ লোকজনৰ বিৰুদ্ধে৷

উল্লেখযোগ্য যে, ২০০৮ চনৰ পৰাই অসমৰ অম্বৰজিৎ এন্দোৱে অষ্ট্ৰেলিয়াৰ হিচাপৰক্ষক সংস্থা ‘ডিলাইট’ত জ্যেষ্ঠ পৰামৰ্শদাতা ৰূপে কৰ্মৰত হৈ আছে ৷ ইয়াৰ পূৰ্বে তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল ইনফ’চিচৰ জৰিয়তে৷

ভাৰতৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নামত অষ্ট্ৰেলিয়াৰ কেইবাগৰাকীও বিনিয়োগকাৰীৰ পৰা এই বৃহৎ পৰিমানৰ ধন লুট কৰাৰ অভিযোগ উঠিছে অসমৰ এই লোকজনৰ বিৰুদ্ধে৷

এই বিষয়ত শেহতীয়াকৈ অষ্ট্ৰেলিয়া চৰকাৰে ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে৷ অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত বহুলভাবে চৰ্চিত শিলচৰৰ অম্বৰজিৎ এন্দোৰ কাণ্ডক এতিয়া সৰব চৰ্চা চলিছে চ’ছিয়েল মিডিয়াতো৷।

You might also like
Leave A Reply

Your email address will not be published.