ৰাজ্য চৰকাৰৰ সাহিত্যিক পেঞ্চন ঘোষণা

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ২০২১-২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰাপকৰ নাম।এইবেলিৰ সাহিত্যিক পেঞ্চনৰ বাবে নিৰ্বাচিত হৈছে ২৩ গৰাকী ব্যক্তিৰ নাম। তেওঁলোক ক্ৰমে জ্যোতিলাল চৌধুৰী,ডঃ অনিল শইকীয়া,কালিনাথ পাংগিং,দিলীপ কুমাৰ শৰ্মা,মাখনলাল বাঢ়ৈ,মাণিকলাল মাহাতো,বিনোদ ভাগৱতী,উৎপল দত্ত,নবীন কুমাৰ বৰুৱা,ৰাজেন্দ্ৰ নাথ শৰ্মা,দীপাংকৰ ৰঞ্জন কৰ,তুষাৰকান্তি চাহা,তপন দাস,নীলমোহন ৰয়,ডঃ লক্ষহীৰা দাস,বিশ্বেশ্বৰ বসুমতাৰী,অৰবিন্দ উজীৰ,মংগল সিং বে’,বাণেশ্বৰ বসুমতাৰী,ডঃ মংগল সিং হাজোৱাৰী,ৰঞ্জু হাজৰিকা(কুমুদ চন্দ্ৰ হাজৰিকা),নবীন মল্ল বড়ো আৰু লক্ষ্মীকান্ত দাস।
অহা ৭ ডিচেম্বৰত প্ৰয়াত কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্মদিনৰ দিনা ৰাজ্য চৰকাৰে প্ৰদান কৰিব সাহিত্যিক পেঞ্চন।।

You might also like
Leave A Reply

Your email address will not be published.