অগ্নিগৰ্ভা নগালেণ্ড

নিৰীহৰ হত্যাৰ প্ৰতিবাদত অগ্নিগৰ্ভা নগালেণ্ড।মন জিলাৰ তিৰুৰ ল’ৱাৰ অতিং অঞ্চলত ঘটনাৰ সূত্ৰপাত।উগ্ৰপন্থীৰ সন্দেহত ১৩ লোকক সেনাই হত্যা কৰাৰ পাছতে জলিছে নগা ভূমি।২০-৩০ হেজাৰ লোক ওলাই আহি জলাই দিছে সেনা চাউনি।স্থানীয় ক্ষুদ্ধ জনতাই অগ্নি সংযোগ কৰিলে কন্যাক ইউনিয়নৰ কাৰ্যালয়তো।২৭ নং আছাম ৰাইফলছৰ শিবিৰত স্থানীয় লোকৰ আক্ৰমণ।আত্মৰক্ষাৰ বাবে সেনাৰ গুলীচালনাত পুনৰ এজনৰ মৃত্যু।মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই SIT গঠন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ, সেনা বাহিনীৰো তদন্তৰ আশ্বাস।অনিশ্চয়তাত নগালেণ্ডত চলিত হৰ্নবিল ফেষ্টিভেলো।সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী নগা জনতাৰ।।

You might also like
Leave A Reply

Your email address will not be published.