কৃষক নেতা ৰাকেশ টিকইতলৈ বিশ্বজনীন সন্মান

একবিংশ শতিকাৰ আইকন ৰূপে মনোনয়ন লাভ ভাৰতীয় কিষান মৰ্চা (BKU)ৰ মুখপাত্ৰ ৰাকেশ টিকইত।অহা ১০ ডিচেম্বৰত লণ্ডনত আনুষ্ঠানিক ভাৱে কৃষক নেতাজনক প্ৰদান কৰা হ’ব এই সন্মান।এটা আন্দোলনক দীৰ্ঘকালিন ভাবে সজীৱ কৰি ৰখাৰ স্বীকৃতি স্বৰূপেই কৃষক নেতাজনলৈ লণ্ডনৰ প্ৰসিদ্ধ Squared Watermelon Companyএ আগবঢ়াইছে এই সন্মান। উল্লেখযোগ্য যে বিশ্বৰ দৃষ্টান্ত ৰচনাকাৰী একোগৰাকী নেতালৈ আগবঢ়োৱা হয় এই সন্মান। অৱশ্যে কৃষকৰ সকলো দাবী কেন্দ্ৰই পূৰণ নকৰা পৰ্যন্ত অক্লান্ত ৰণৰ পৰা সন্মান,পুৰস্কাৰ ল’বলৈ যোৱাৰ বাবে আহৰি নাই বুলি সদৰি কৰিছে কৃষক নেতা গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.