আজি ৬ ডিচেম্বৰ

➡️১৭৩২ চনৰ আজিৰ দিনটোতে ভাৰতত ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ ইংলেণ্ডৰ অক্সফোৰ্ডশ্বায়াৰত জন্ম হৈছিল।
➡️১৮২৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে ভাষাতত্ত্ববিদ আৰু প্ৰাচ্যতত্ত্ববিদ মেক্স মুলাৰৰ জন্ম হৈছিল।
➡️১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ডে স্বাধীনতা লাভ কৰিছিল।
➡️১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ তথা দেশৰ সংবিধান প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু হৈছিল।
➡️১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। দেশজুৰি ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ। প্ৰায় ১,১৫০ জন লোকৰ মৃত্যু হৈছিল। ৫,০০০ৰো অধিক লোক আহত আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল।
➡️১৯৮৯ চনৰ আজিৰ দিনটোতে ‘অষ্টিন-১৯৮৯’ নামৰ ধূমকেতুটোৰ আৱিষ্কাৰ।
➡️১৯৭১ চনৰ ৬ ডিচেম্বৰ তাৰিখে নৱগঠিত বাংলাদেশক ভাৰতে স্বীকৃতি প্ৰদান কৰিছিল।
➡️১৯১১ চনৰ আজিৰ দিনটোতে মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিণত হৈছিল।
➡️১৯২৯ চনৰ আজিৰ দিনটোতে তুৰস্কত প্ৰথমবাৰৰ বাবে মহিলাই ভোটাধিকাৰ লাভ কৰিছিল।
➡️১৯৯০ চনৰ ৬ ডিচেম্বৰ তাৰিখে অযোধ্যাত বিশ্ব হিন্দু পৰিষদৰ কৰসেৱা শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছিল।
➡️১৯৯২ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশত কল্যান সিং নেতৃত্বাধীন বিজেপি চৰকাৰ ভংগ হৈ ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.