ক’ভিড যুঁজত হিমাচলৰ অভাৱনীয় সাফল্য

হিমাচল প্ৰদেশৰ কোভিড বিৰোধী যুঁজত অনবদ্য সফলতা। ৰাজ্যখনৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ এশ শতাংশ সম্পূৰ্ণভাৱে টিকাকৰণ কৰা প্ৰথম ৰাজ্য হিচাপে পৰিগনিত হৈ পৰিছে।দেওবাৰে বিলাসপুৰৰ এইমছত কোভিড-১৯ কৰ্মীসকলক সন্মান জনোৱাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰায় ৫৩,৮৬,৩৯৩ জন যোগ্য প্ৰাপ্তবয়স্কক দ্বিতীয় পালি প্ৰদান কৰা হৈছে বুলি সদৰী কৰে বিভাগীয় বিষয়াই।

উল্লেখ্য যে, আগষ্ট মাহতে প্ৰাপ্তবয়স্ক লোকসকলৰ এশ শতাংশ প্ৰথম পালি টিকাকৰণ কৰা প্ৰথম ৰাজ্য হিমাচল প্ৰদেশে আছিল ।।

You might also like
Leave A Reply

Your email address will not be published.