ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা ৰাছিয়াক বহিষ্কাৰ। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা ৰাছিয়াক নিলম্বিত কৰা প্ৰস্তাৱ গৃহীত হৈছে । প্ৰস্তাৱটো গৃহীত হ’বলৈ কেৱল উপস্থিত আৰু ভোটদান কৰা ২/৩ খন দেশৰ সমৰ্থনৰ প্ৰয়োজন আছিল। ৯৩ খন দেশে সপক্ষে আৰু চীনকে ধৰি ২৪ খন দেশে প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দান কৰে। ইফালে ভাৰতকে ধৰি ইউএনজিএত ভোটদানৰ পৰা বিৰত থকে ৫৮ খন দেশ।ৰাছিয়া ৰাষ্ট্ৰসংঘৰ যিকোনো সংস্থাৰ পৰা নিলম্বিত হোৱা স্থায়ী ৫ ৰাষ্ট্ৰৰ প্ৰথমখন দেশ। ইয়াৰ আগতে ২০১১ চনত লিবিয়াক মানৱ অধিকাৰ সংস্থাৰ পৰা আঁতৰোৱা হৈছিল। আনহাতে ৰাছিয়াই ইউএনজিএৰ সদস্য-ৰাষ্ট্ৰসমূহক ভোটদান প্ৰক্ৰিয়াত অনুপস্থিতিক এক বন্ধুত্বহীন ইংগিত হিচাপে গণ্য কৰিব আৰু দ্বিপাক্ষিক সম্পৰ্ককো ইয়াৰ আঘাত পৰিব বুলি ইতিমধ্যে সতৰ্ক কৰি দিছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.