আজি ১০ আগষ্ট

আজি ১০ আগষ্ট

➡️১৮৬০ হিন্দুস্তানী সংগীতত নৱযুগৰ সূচনা কৰোঁতে বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম ।
➡️১৮৭০ ইংৰাজ পদাৰ্থ- বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম । ১৯০৮ চনত ৰাডাৰফোৰ্ডে লাভ কৰে ৰসায়ন- বিজ্ঞানৰ নোবেল বঁটা ।
➡️১৮৯৪ ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ জন্ম । ১৯৬৯ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে ।
➡️১৯৭৯ ভাৰতৰ প্ৰথম উপগ্ৰহ উত্ক্ষেপক যান SLV- 3 (ছেটেলাইট লঞ্চ ভেহিকল) শ্ৰীহৰিকোটাৰ পৰা পুৱা ৭৫৮ বজাত উত্ক্ষেপণ । উপগ্ৰহ গ্ৰহণ কৰিব পৰাকৈ পৰীক্ষামূলকভাৱে নিৰ্মিত আৰু উত্ক্ষেপিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন । এই পৰীক্ষা সফল নহল । উত্ক্ষেপণৰ ৫ মিনিট ১৪ ছেকেণ্ডৰ পিছতে ই ধ্ৱংস হয় ।
➡️১৯৮১ প্ৰকাশ মেহৰোত্ৰাৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ । ১৯৪৮ চনৰ ২৭ মাৰ্চলৈকে এই পদত তেওঁ কাৰ্যনিৰ্বাহ কৰে ।
➡️১৯৪৫ দ্ৱিতীয় মহাসমৰৰ অন্তত জাৰ্মানীৰ নি:চৰ্ত আত্মসমৰ্পণ ।
➡️১৯৯৯ ‘নৰ্মদা বচাও’ আন্দোলনৰ নেত্ৰী মেধা পাটকাৰসহ দহজনক গ্ৰেপ্তাৰ, এওঁলোকে একঁকাল পানীত নামি নৰ্মদাৰ সুৰক্ষাৰ হকে দাবী জনাইছিল ।
➡️২০০১ অসম চৰকাৰৰ শান্তি সমাদলৰ বুটমাহ খাই কেইবা শতাধিক শিশু- কিশোৰ আক্ৰান্ত, দুটি শিশুৰ মৃত্যু ।
➡️২০০২ ‘ফিফা’ৰ (FIFA) স্ৱীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম ফুটবল ৰেফাৰী প্ৰতুল চক্ৰৱৰ্তীৰ মৃত্যু ।
➡️২০০৭ ভাৰতৰ উপ- ৰাষ্ট্ৰপতিৰূপে হামিদ আনছাৰী নিৰ্বাচিত ।

You might also like
Leave A Reply

Your email address will not be published.