স্প’ৰ্টছ ডেস্ক:

জুৰিখ ডাইমণ্ড লীগত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ। শুকুৰবাৰে পুৱা অনুষ্ঠিত ইভেন্টত দ্বিতীয় স্থান লাভ কৰে ভাৰতীয় এথলেটগৰাকীয়ে। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰাৰ তিনিদিন নৌহওঁতেই পুনৰ খেলপথাৰত নামিছিল নীৰজে।

বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হোৱা নীৰজে জুৰিখত ৮০.৭৯ মিটাৰ থ্ৰ’ৰে ইভেণ্টটো আৰম্ভ কৰিছিল। পৰৱৰ্তী দুটা ৰাউণ্ডত দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত ফাউল কৰে খেলুৱেজনে। আনহাতে প্ৰতিদ্বন্দী ​ভাডলেজে ৮৫.৮৬ মিটাৰ থ্ৰ’ৰে অৰ্জন কৰে সোনৰ পদক। ২০২৩ চনৰ ইউৰোপীয় গেমছৰ চেম্পিয়ন জুলিয়ান ৱেবাৰে ৮৫.০৪ মিটাৰ থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে। উল্লেখ্য যে, জুৰিখ ডাইমণ্ড লীগত যোৱা বছৰত সোনৰ পদক অৰ্জন কৰিছিল ‘গোল্ডেন বয়’ নীৰজ চোপ্ৰাই।।

You might also like
Leave A Reply

Your email address will not be published.