আজি ১ মাৰ্চ

▶️১৫৮২ চনৰ আজিৰ দিনটোতেই খ্ৰীষ্টপূৰ্ব ৪৬অত জুলিয়াছ ছিজাৰে প্ৰৱৰ্তন কৰা কেলেণ্ডাৰৰ কিছু সালসলনি ঘটাই খ্ৰীষ্টিয় পোপ ত্ৰয়োদশ গ্ৰেগৰীৰ আধুনিক ৰূপ প্ৰদান। বৰ্তমান প্ৰচলিত এই কেলেণ্ডাৰ ‘জুলিয়ান এণ্ড গ্ৰেগৰিয়ান কেলেণ্ডাৰ’ নামে পৰিচিত।
▶️১৬৬০ চনৰ আজিৰ দিনটোতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাদ্ৰাজত ব্যৱসায়িক কেন্দ্ৰ স্থাপনৰ অনুমতি লাভ। এই ঠাইৰ নাম কেবাবাৰো সলনি হয়।প্ৰথমে ইয়াৰ নাম আছিল ৰংগৰজা পট্টনম,তাৰ পাছত চেন্না পট্টনম,তাৰ পাছত মাদ্ৰাজ পট্টনম আৰু শেষত মাদ্ৰাজ। ইয়াতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰে ছে’ন্ট জৰ্জ দূৰ্গ, যি পাছলৈ হোৱাইট টাউন নামে পৰিচিত হয়।এই অঞ্চলেই আছিল ইংৰাজে অধিকাৰ কৰা ভাৰতৰ প্ৰথম ভূখণ্ড।
▶️১৯০৮ চনৰ এই দিনটোতেই জামছেদপুৰত ভাৰতৰ প্ৰথমটো ইস্পাত কোম্পানী ‘টাটা আইৰন এণ্ড ষ্টীল’ কোম্পানীৰ প্ৰতিষ্ঠা।১৯১১ চনৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হয়।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই কুখ্যাত ৰাওলাট আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ সত্যাগ্ৰহ ঘোষণা।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই নাট্যকাৰ, সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম হৈছিল।
▶️১৯৬৯ চনৰ এই দিনটোতেই নতুন দিল্লী আৰু হাওৰাৰ মাজত অতি দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ ৰে’লসেৱা আৰম্ভ হৈছিল। এইখনেই ভাৰতৰ প্ৰথম চুপাৰফাষ্ট ৰে’ল।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই বছনিয়া-হাৰজেগোৱিনাৰ স্বাধীনতা লাভ।
▶️১৯৯৯ চনৰ এই দিনটোতেই দৈনিক বাতৰিকাকত ‘নতুন দৈনিক’ সৰু কলেৱৰত সান্ধ্য দৈনিক ৰূপে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.