মানালী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত এগৰাকী ছাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰী আহত

নেচনেল ডেস্ক :

ণ্ডীগড়ৰ মানালী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত এগৰাকী ছাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।নিহত হোৱা ছাত্ৰী গৰাকী কৌশাংগী আৰ্য বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ  আহত ছাত্ৰ-ছাত্ৰী সকলক চিকিৎসাৰ ব্যৱস্থা কৰে।

শুকুৰবাৰে পুৱা বিলাসপুৰ জিলাৰ জাবালিৰ সমীপৰ চণ্ডীগড় মানালী সংযোগী ২০৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে দিল্লীৰ পৰা ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ  বাছখন হাৰিয়ানাৰ পৰা মানালী অভিমুখে গৈ আছিল।

এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি হিমাচলৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে আহত সকলৰ চিকিৎসাৰ লগতে নিহত ছাত্ৰীগৰাকীৰ পৰিয়ালক যথোপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা ল’বলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে। জানিব পৰা মতে,দুৰ্ঘটনাত পতিত ছাত্ৰ-ছাত্ৰীসকল দিল্লীৰ কমলা নেহৰু আৰু জিছুছ এণ্ড মেৰী কলেজৰ শিক্ষাৰ্থী।।

You might also like
Leave A Reply

Your email address will not be published.